ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। ভাষিক-সাংস্কৃতিক বৈচিত্র্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি পৰিৱেশন কৰে। সভাত নগাঁও মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে তেওঁৰ ভাষণত কয়, যে অধিক চৰ্চা আৰু কথিত ৰূপেহে ভাষাটোক অধিকৰ সমৃদ্ধিশালী কৰিব পাৰে।
গোৱালপাৰা জিলাৰ ভালুকদুবীৰ নৱজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ত আজি নতুন সাহিত্য পৰিষদ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। এই উপলক্ষে ছাত্র-ছাত্রীসকলৰ মাজত চিত্রাংকণ, নৃত্য-গীত, স্বৰচিত কবিতা পাঠ আদিৰ উপৰি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ তাৎপৰ্য আৰু জনগোষ্ঠীয় ভাষাৰ সংকট শীর্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ।
গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া আৰু বাংলা বিভাগৰ উদ্যোগত আয়োজন কৰা এই দিৱসৰ কাৰ্যসূচী আজি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰাণজিৎ কুমাৰ নাথে উদ্বোধন কৰে। এই কাৰ্যসূচীত অসমীয়া ভাষাৰ মাধুৰ্য্য আৰু জাতীয় জীৱনৰ পৰম্পৰাত ভাষাৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰা হয়। এই সভাতে বিভিন্ন সাহিত্যিক প্রতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পুৰস্কৃত কৰা হয়। শ্ৰীভূমিৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷