শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃ সেৱা কোষ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিৱসাগৰ জিলা অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত শিশু আৰু মাতৃ সেৱা কোষ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত প্রায় ৭ কোটি টকা ব্যয়েৰে নিৰ্মিত মাতৃ আৰু শিশু সেৱা কোষ আনুষ্ঠানিকভাৱে মুকলি কৰি এই কোষৰ পৰা গৰ্ভৱতী মহিলাসকল উপকৃত হব বুলি মন্ত্রী ডাঃ পেগুৱে আশা প্রকাশ কৰে। এই ভ্রমণতে ডাঃ পেগুৱে চিকিৎসালয়খন পৰিদৰ্শন কৰি আন্তঃগাথনি আৰু বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থা, স্বাস্থ্য সেৱা আৰু বিভিন্ন চিকিৎসা সা-সৰঞ্জামৰ অৱস্থা সম্পর্কে পর্যালোচনা কৰে। ডাঃ পেগুৱে চিকিৎসক, চিকিৎসা কৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি স্বাস্থ্য সেৱাৰ গুণগত মান উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।