আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আজি মৰিগাওঁ শিক্ষণ মহাবিদ্যালয়ত এখন জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিবেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ড° বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয়, যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্রিম বুদ্ধিমত্তা ৰ’বটিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। অনুষ্ঠানত ড° বৰুৱাই কেন্দ্ৰৰ বাৰ্ষিক পত্রিকা এখনো উন্মোচন কৰে। প্রতিযোগিতাখনত বিজ্ঞানৰ বিভিন্ন আৰ্হি প্রদর্শন কৰা হয়।
Site Admin | November 22, 2025 7:07 PM | Morigaon
মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত