September 4, 2025 7:15 PM | Marigoan

printer

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠান

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰা আৰু তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই উদ্বোধন কৰা এই অনুষ্ঠানৰ আজি প্ৰথম দিনা শালিধানৰ খেতিত কীট-পতংগ, শুঁৰপোকৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ উপায়, বৈজ্ঞানিকভাৱে হাঁহ পালন আদি বিভিন্ন বিষয় আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।