May 27, 2025 6:42 PM | Morigoan

printer

বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনৰ অভিযান

বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আজি মৰিগাওঁ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। এই অভিযানৰ সময়ত বহু বাহনে ২০২৪ চনৰ ১৫ নৱেম্বৰত মৰিগাওঁ জিলা আয়ুক্তই জাৰি কৰা এচ. অ. পি. উলংঘা কৰা পৰিলক্ষিত হয়। প্ৰশাসনে এনে  বাহনৰ বিৰুদ্ধে যাৱতীয়  ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অভিযানকাৰী দলে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই পথৰ দাতিত বিপদজনকভাৱে ৰখাই থোৱা কেইবাখনো বাণিজ্যিক বাহনৰ বিৰুদ্ধে জৰিমনা বিহে।