গ্রাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সুনিশ্চত কৰাৰ বাবে কালি শ্ৰী শংকৰদেৱ নেত্ৰালয়, মায়ং গাঁও পঞ্চায়ত আৰু ৰজা মায়ং উন্নয়ন সমিতিৰ সহযোগত ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে মৰিগাঁও জিলাৰ মায়ঙত বিনামূলীয়া চকু পৰীক্ষা তথা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। শিবিৰটোত মুঠ ১০৯ গৰাকী ব্যক্তিৰ চকু পৰীক্ষা কৰা হয়। ইয়াৰে ২৫ গৰাকীক বিনামূলীয়াকৈ কেটেৰেকৰ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি ৰ’টাৰী ক্লাবৰ সভাপতি মনোজ কুমাৰ দাসে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, ৰ’টাৰী ক্লাব অব গুৱাহাটীয়ে যোৱা ১৮ জুলাই তাৰিখে দিগাৰুৰ বামুনখাটত ৬০ গৰাকীতকৈও অধিক মাতৃ আৰু শিশুৰ মাজত প্ৰাথমিক পুষ্টিৰ বাবে প্রয়োজনীয় খাদ্যৰ যোগান ধৰে।
Site Admin | July 21, 2025 12:14 PM | morigaon health camp
মৰিগাঁও জিলাৰ মায়ঙত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসাি শিবিৰ
