November 1, 2025 8:04 PM | CM

printer

মৰিগাঁৱত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ, ৩৬,৩৬৭গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা অভিযানৰ চেক প্রদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত ৩৬ হাজাৰ ৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ উদ্যমিতাপুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ ৩২ হাজাৰ ৯৫১ গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু তিনি হাজাৰ ৪২৬ গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত প্ৰায় ১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আৱৰ্তভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে, চিকিৎসা বিজ্ঞাপন পৰম্পৰাগত ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে ৰাইজক বিকল্প স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ বাবে আয়ুষ চিকিৎসালয়খন ১৫ কোটি টকা ব্যয় সাপেক্ষে ১৫ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব। আজি চেক বিতৰণ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বে যোৰহাটলৈ অহাৰ সময়ত দেশৰ তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বিষয়ে প্ৰকাশ কৰিছিল। এই অনুসৰি ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰে অসমৰ আত্মসহায়ক গোটসমূহৰ লগত জড়িত ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ কয়, যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ কিস্তিৰ প্ৰথম ধন মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰিলে এক লাখ টকাৰ পুঁজি গঠন হ’ব। এই পুজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ৰাজ্য চৰকাৰে মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে বহু বিবাহ ৰোধ কৰিবলৈ বিধানসভাত কঠোৰ আইন প্ৰণয়নৰ দিশত অগ্ৰসৰ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অহা ২৫ নৱেম্বৰৰ পৰা হ’বলগীয়া বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত বিধেয়ক উত্থাপন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বাল্য বিবাহ প্রায় বন্ধ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মৰিগাঁও সমষ্টিত এতিয়াও অৰুণোদয় সুবিধা লাভ নকৰা যোগ্য পৰিয়ালসমূহক সামৰি লোৱাৰ বাবে অতিৰিক্ত চাৰি হাজাৰটা পৰিয়াললৈ অৰুণোদয়ৰ সুবিধা আগবঢ়োৱা হ’ব বুলি তেওঁ এই সভাতে ঘোষণা কৰে। অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা, কৌশিক ৰায়, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।