ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 6, 2024 8:40 PM | Morigoan

printer

অহা ২০ জুনৰ ভিতৰত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্তৰ নিৰ্দেশ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বা কাম বাতিল কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিছে। জিলা আযুক্ত কাৰ্যালয়ত আয়োজিত বৈঠকত জল জীৱন অভিযানৰ অধীনত ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ ঠিকাদাৰসকলক অসম্পূর্ণ কামসমূহ অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ সময় মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে একাংশ ঠিকাদাৰক জবাবদিহী কৰে। ৰাইজক খোৱাপানীৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাই বুলি উল্লেখ কৰি তেওঁ এনে কাৰ্যক দুর্ভাগ্যজনক বুলি আখ্যা দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাক কাম নকৰা ঠিকাদাৰৰ নাম উল্লেখ কৰাৰ লগতে অসুবিধাসমূহ লিখি শীঘ্ৰেই জিলা আয়ুক্তক প্রতিবেদন দাখিল কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।