ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত ভূমিস্খলনত ৩০০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

পাপুৱা নিউগিনিৰ এংগা প্ৰদেশৰ কাউকালাম গাঁৱত কালি হোৱা ব্যাপক ভূমিস্খলনৰ ফলত ৩০০ ৰো অধিক লোক মৃত্যু মুখত পৰাৰ আশংকা কৰা হৈছে। ভূমিস্খলৰ ফলত বিধবস্ত হৈ পৰা গাঁওখনৰ ১১ শতকৈও অধিক বাসগৃহ মাটিত পোতখোৱা বুলিও বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আনহাতে দ্বীপ ৰাষ্ট্ৰখনৰ মুলিতাকা অঞ্চলৰ ৬খনৰো অধিক গাঁও এই ভূমিস্খনৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই দুৰ্যোগ প্রশমন, প্ৰতিৰক্ষা আৰু ঘাইপথ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে সাহায্য আৰু উদ্ধাৰ কাৰ্যত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।