সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত মৰাণসকলৰ অন্তিমগৰাকী ৰজা বডৌচাৰ স্মৃতি বিজড়িত বডৌচা সমন্বয় বঁটা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহ্যময় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে অসমীয়া জাতীয় জীৱনৰ নৈখন চিৰপ্ৰৱহমান হৈ থাকিব বুলি মন্তব্য কৰে। ৰাজ্যৰ সকলো জনগোষ্ঠীৰ মাজত সমন্বয় সাধন আৰু ঐক্যৰ মনোভাৱ গঢ়ি তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এই বঁটাত আছে ৰজা বডৌচাৰ স্মাৰক, মৰাণ ছাত্ৰ সন্থাৰ স্মাৰক, ১ লাখ টকাৰ চেক, গামোছা, চেলেং, জাপী, তৰোৱাল, মৰাণ চোলা, গ্ৰন্থৰ টোপোলা ইত্যাদি। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী ছাওনা মেইন, মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বলিন চেতিয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। দুদিনীয়া এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লয়। প্রথম দিনৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আয়তীয়ে খেৰি পৰিৱেশন কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কালি জনগোষ্ঠীটোৰ অন্যতম অনুষ্ঠান ৰাতি বিহু উপভোগ কৰাৰ বাবে অগণন লোকৰ সমাগম হয়। এই অনুষ্ঠানত কেইবাগৰাকী বিদেশৰ ছাত্ৰইও অংশ লয়।