September 19, 2025 12:57 PM

printer

১৫ ছেপ্তেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৱা ১৫ ছেপ্তেম্বৰৰ পৰা চলি থকা অৰ্থনৈতিক পথ অৱৰোধৰ ফলত উজনি অসমত পেট্ৰলিয়ামজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা কৰা হৈছে। পথ অৱৰোধৰ ফলত গেছ, তেল আৰু ইন্ধন পৰিবাহী ভালেসংখ্যক টেংকাৰ আৱদ্ধ হৈ আছে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়াৰ উৎপাদন আৰু পৰিবহণ প্ৰায় স্থবিৰ হৈ পৰাত বহু পেট্রল পাম্পো বন্ধ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাৰ তেল ডিপোসমূহত কালি আবেলিৰ পৰা মাজনিশালৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। বহু ঠাইত ৰন্ধন গেছৰো নাটনি হৈছে।