বালাঘাট জিলাত দুজন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে ৰাজ্যখনক নক্সালবাদৰ পৰা মুক্ত ঘোষণা কৰিছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশনাত ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ দৃঢ়তাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। ভূপালৰ পৰা ভিডিঅ‘ কনফাৰেন্সৰ জৰিয়তে বালাঘাটত নক্সালবাদীৰ আত্মসমৰ্পণৰ সৈতে জড়িত Rehabilitation to Rejuvenation অভিযানৰ অধীনত আয়োজিত এটা কার্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রদান কৰে। বালাঘাট জিলাৰ বীৰছা থানা এলেকাৰ অন্তৰ্গত কোৰকাত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰত কালি নক্সালবাদী দীপক আৰু ৰোহিতে আত্মসমর্পণ কৰে। আৰক্ষীয়ে জনোৱা মতে, দুয়োজনে মূলসুঁতিলৈ ঘূৰি অহাৰ ইচ্ছা প্রকাশ কৰি আত্মসমৰ্পণ কৰে। মুখ্যমন্ত্রী শ্রীযাদৱে কয়, যে আৰক্ষী বিষয়া আৰু কৰ্মীৰ অদম্য সাহস আৰু ত্যাগৰ বাবে বালাঘাটৰ পৰা নক্সালবাদক নির্মূল কৰাটো সম্ভৱ হৈ উঠিছে।
Site Admin | December 12, 2025 12:27 PM | Mohon jadav
বালাঘাটক নক্সালবাদৰ পৰা মুক্ত ঘোষণা মোহন যাদৱৰ