ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2025 12:26 PM | Mahendra singh

printer

ICC HALL OF FAME-ত অন্তৰ্ভুক্ত মহেন্দ্র সিং ধোনী

ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক ICC HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে। মহেন্দ্ৰ সিং ধোনীৰ উপৰি অষ্ট্ৰেলিয়াৰ মেথিউ হেডেন, দক্ষিণ আফ্ৰিকাৰ হাছিম আম্‌লা আৰু অন্য চাৰিগৰাকী খেলুৱৈক এইবেলি HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে প্ৰকাশ কৰিছে। ভাৰতৰ হৈ খেলা মুঠ ৫৩৮ খন খেলত তাৰকা খেলুৱৈগৰাকীয়ে ১৭ হাজাৰ ২৬৬ ৰান সংগ্ৰহ কৰিছে।

ইপিনে, খেলুৱৈগৰাকীয়ে এই সন্মানৰ বাবে ICC-লৈ আন্তৰিক ধন্যবাদ প্ৰকাশ কৰিছে। ধোনীয়ে কয়, যে সমগ্ৰ বিশ্বৰ ক্রিকেট খেলুৱৈসকলৰ অৱদানক প্ৰতিফলিত কৰা এই HALL OF FAME-ত অন্তৰ্ভুক্ত হ’বলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ বিষয়। এই সন্মান চিৰদিন মনত ৰাখিব বুলি খেলুৱৈগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনত টী-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০০১৩ চনত চেম্পিয়ন্‌ছ ট্ৰফী জয় কৰিছিল।

অধিক পঢ়ক

সকলো চাওক