ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইৰানৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ, কাইলৈ ভাৰতত ৰাষ্ট্ৰীয় শোক ঘোষণা

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনিয়ে উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰিছে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। খামেনিয়ে লগতে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ নিৰ্দেশ দিয়ে। প্ৰট’কল অনুসৰি দেশখনত ৫০ দিনৰ ভিতৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইফালে, ভাৰতে ইৰানৰ ৰাষ্ট্ৰপতি ড° ছৈয়দ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমীৰ আব্দুল্লাহিয়ানৰ মৃত্যুত সন্মান জনাই কাইলৈ এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ কথা ঘোষণা কৰিছে। এই অনুসাৰে সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত কাইলৈ ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব। লগতে কাইলৈৰ দিনটোত কোনো ধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহ’ব।