December 19, 2025 12:05 PM | modi visit assam

printer

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ- বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্ৰী মোদীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে ৰোড শ্ব’ৰ আয়োজন কৰিছে।

শ্ৰী মোদীয়ে পৰহিলৈ গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ২১ ডিচেম্বৰলৈ দৰ্শনাৰ্থীৰ বাবে ছহিদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্ৰকাশ কৰিছে। তদুপৰি কাইলৈ আৰু পৰহিলৈ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।

শ্ৰীমোদী সেইদিনাই নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব। নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পোৰচেন লিমিটেডৰ বৰ্তমানৰ চৌহদত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।