ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কন্যাকুমাৰীৰ বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত প্রধানমন্ত্ৰী মোদীয়ে আজি ৪৫ ঘণ্টীয়া ধ্যানত বহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কন্যাকুমাৰীৰ বিবেকানন্দ ৰ’ক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যানত বহিব। ইতিমধ্যে প্রধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে ২ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আনুসংগিক প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শ্রীমোদীয়ে আজি সন্ধিয়াৰ পৰা ১ জুনৰ বিয়লি ৩ বজালৈ ধ্যানত বহিব বুলি জিলা প্রশাসনে জানিবলৈ দিছে। উল্লেখ্য যে, প্রধানমন্ত্ৰীগৰাকীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পাছতো কেদাৰনাথৰ গুহাত ধ্যানত বহিছিল।