ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 27, 2024 1:08 PM | modi govt 100 days

printer

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাত কৃষক, মধ্যবিত্ত শ্ৰেণী, মহিলা আৰু যুৱক-যুৱতীৰ বিকাশৰ বাবে বিভিন্ন আঁচনি মুকলি

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, কৃষক, মধ্যবিত্ত শ্ৰেণী মহিলা আৰু যুৱক-যুৱতীৰ বিকাশত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰিছে। চৰকাৰে সামাজিক, আর্থিক আৰু ন্যায়িক সবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে ঔপনিৱেশিক আইনৰ ঠাইত ৩খন নতুন আইন প্ৰৱৰ্তন কৰি দ্রুত বিচাৰ আৰু ন্যায় সুনিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰোপৰি চৰকাৰে একীকৃত পেন্সন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীৰ সুবিধাৰ্থে ৫০ শতাংশ পেন্সন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি অৱসৰপ্ৰাপ্ত সুৰক্ষা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে চৰকাৰে এটা পদ, এটা পেন্সন আঁচনিৰো সংশোধন কৰিছে। ইপিনে, এই ১০০টা দিনৰ ভিতৰত ১৫ হাজাৰ যুৱক-যুৱতীক বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি দিয়া হৈছে।