ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2025 11:38 AM | PM Modi

printer

পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে প্রধানমন্ত্ৰী কাইলৈ ৰাজ্যখনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। প্রধানমন্ত্রীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকললৈ পৰ্যাপ্ত সাহায্য নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে সামাজিক মাধ্যমৰ এট বাৰ্তাত প্রধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণৰ কথা নিশ্চিত কৰিছে। তেওঁ কয়, যে এই দুৰ্যোগক লৈ প্ৰধানমন্ত্ৰীগৰাকী গভীৰভাৱে চিন্তিত আৰু তেওঁ নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনা কৰে। তদুপৰি দুটা কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দলেও বানত ক্ষয়-ক্ষতিৰ বুজ লয়।
উল্লেখযোগ্য যে পঞ্জাৱত বান পৰিস্থিতি ক্রমান্বয়ে উন্নত হৈছে। ৰাজ্যখনত বানত বৰ্তমানলৈকে ৪৬ জন লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ প্ৰায় দুহেজাৰ গাঁৱৰ ৩ লাখ ৮৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যিক প্রশাসনে সেনা, সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ অধীনৰ শতাধিক মাই ভাৰত স্বেচ্ছাসেৱকে বানত ক্ষতিগ্রস্ত জিলাসমূহত সহায়, সহযোগ কৰি আছে। বান পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক প্ৰশাসনে কাইলৈৰ পৰা কোনো কোনো জিলাত শৈক্ষিক প্রতিষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।