ডাউনলোড
মোবাইল এপ

android apple
signal

May 7, 2025 12:51 PM | Mockdrill

printer

দেশৰ বিভিন্ন স্থানত আজি সতর্কতামূলক অনুশীলন

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ’ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰালৰ নিৰ্দেশ অনুসৰি দেশৰ ২৫৯টা স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ’ব। ৰাজধানী দিছপুৰ, গুৱাহাটীৰ বাকী অংশ, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰ, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, নাজিৰা, টিংখং, নামৰূপ, ৰঙিয়া, উত্তৰ লখিমপুৰ, বোকাখাট, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰকে ধৰি ৰাজ্যৰ ২০টা স্থানত আজি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা তথা সম্পত্তিৰ সুৰক্ষাৰ বাবে মকড্রিল অনুষ্ঠিত হ’ব।

এই অনুশীলনৰ সময়ছোৱাত বিমান আক্ৰমণৰ সময়ত ছাইৰেণ ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ- ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কর্তন বা ব্লেক আউট হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়ত সজাগ কৰা, আপাতকালীন পৰিস্থিতিত দ্রুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত প্রশিক্ষণ দিয়া হ’ব। অগ্নিনির্বাপন আৰু জৰুৰীকালীন সেৱা বিভাগৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ে ৰাজ্যৰ ২০টা অগ্নিনির্বাপন বাহিনীৰ কেন্দ্ৰক মকড্ৰিলত সক্রিয় অংশগ্ৰহণৰ বাবে নিৰ্দেশ দিছে। এই অনুশীলনত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে সহযোগ কৰিব।

অধিক পঢ়ক

সকলো চাওক