ডাউনলোড
মোবাইল এপ

android apple
signal

May 6, 2025 7:50 PM | Mockdrill

printer

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন

সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ’ব। পেহেলগামত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত নৃশংস আক্রমণ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যসমূহক জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকাৰ নিৰ্দেশনা জাৰি কৰিছে। যিকোনো যুদ্ধকালীন পৰিস্থিতিত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত সৰ্বসাধৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ৰাজ্যসমূহক এই সতর্কতামূলক অনুশীলন চলাবলৈ গৃহ মন্ত্ৰালয়ে নিৰ্দেশ দিছে। মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰসমূহক সাতটা বিষয়ত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। বিমান আক্ৰমণৰ সময়ত চাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কর্তন বা ব্লেক আউট হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়ত সজাগ কৰা আপাতকালীন পৰিস্থিতিত দ্রুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিছে। উল্লেখযোগ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা আক্ৰমণৰ পাছতে ভাৰতে বিভিন্ন কূটনৈতিক কৌশলেৰে পাকিস্তানৰ ওপৰত চাপৰ সৃষ্টি কৰি আহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনা চলি থকাৰ সময়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত তিনিদিন ধৰি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এখন পাছত আনখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছে।

অধিক পঢ়ক

সকলো চাওক