কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কাইলৈ হ’বলগীয়া অসামৰিক প্ৰতিৰক্ষা মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। নতুন দিল্লীৰ গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালকপ্ৰধান আৰু অন্যান্য শীর্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিছে।
কেন্দ্ৰীয় চৰকাৰে কালি অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে মকড্রিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নির্দেশ দিছিল। সেই অনুসৰি গৃহ মন্ত্ৰ্যালয়ে দেশৰ ২৪৪ খন অসামৰিক প্ৰতিৰক্ষা জিলাত বিশেষ মকড্রিল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। গাঁও পর্যায়লৈকে এই অনুশীলন কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। বিমানৰ সতৰ্কতা ব্যৱস্থাৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীৰ সৈতে হটলাইন অথবা ৰেডিঅ’ সংযোগ ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰা আৰু নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰাটোৱেই হৈছে এই মকড্রিল অথবা বিশেষ অনুশীলনৰ প্ৰাথমিক উদ্দেশ্য। এই অনুশীলনৰ সময়ত যিকোনো দুর্যোগ অথবা আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষাৰ বিভিন্ন কৌশল অৱলম্বন সন্দৰ্ভত জনসাধাৰণ তথা ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে।