নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ে আজি নতুন দিল্লীত ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা আই আৰ ই ডি এৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কৌশলগত লক্ষ্যৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত এই শক্তিখণ্ডৰ পৰা ৮ হাজাৰ ২০০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
Site Admin | August 25, 2025 9:33 PM | MNRE Signs Performance-Based MoU with IREDA for FY 2025-26
আই আৰ ই ডি এৰ সৈতে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ
