ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 9, 2025 7:44 PM | cm dhemaji mmmua

printer

নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ভৱিষ্যতে ৪০ লাখ মহিলাই ৮৫ হাজাৰ টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে চৰকাৰে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্রামাঞ্চলত জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ শৰ্মাই আজি এই আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ ৩৬ হাজাৰ ৮৮৬ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে । তেওঁ লগতে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আই কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিক প্রতিষ্ঠানত নিৰ্মাণ কৰা মেৰামতি কেন্দ্ৰ আৰু প্ৰযুক্তি গৱেষণাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ড০ শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত পঞ্চদশ বিত্তীয় আয়োগৰ স্বাস্থ্য অনুদান আঁচনিৰ পুঁজিৰে ধেমাজি জিলাৰ চিমেন চাপৰি উপ-স্বাস্থ্য কেন্দ্ৰত ৩০ খন বিছনাযুক্ত সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।