ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰেই অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত আয়ুস্নান অসম- মুখ্যমন্ত্রী লোকসেবক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। দৰমহা আয়োগ গঠন সন্দৰ্ভত কর্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে ১৫ দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবক জমা দিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। আয়োগৰ নির্দিষ্ট প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে শীঘ্রেই দাখিল কৰিবলগীয়া প্রতিবেদনৰ ভিত্তিত দৰমহা, পাৰিতোষিক আৰু অৱসৰকালীন সা-সুবিধাসমূহ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয়, যে ৰাজ্যত দৰমহা আয়োগ গঠন কৰি কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমহাৰত দৰমহা আৰু সা সুবিধা দিয়াৰ বাবে পৰিকল্পনা লোৱা হৈছে, যাতে ৰাজ্যিক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনাৰ পৰাই এই সা-সুবিধাসমূহ পাব পাৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছে। ইয়াৰ আগেয়ে আয়ুষ্মান অসম- মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেবা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কালি আনুষ্ঠানিকভাবে এই যোজনাৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে স্বাস্থ্য পত্র প্রদান কৰে।
এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ৰাজ্যৰ কেতবোৰ অনুমোদিত চিকিৎসালয়ৰ উপৰি দেশৰ কেবাখনো আগশাৰীৰ চিকিৎসালয়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব।
 
									