মিজোৰামে ৰাজ্যখনত যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নগৰীয়া পৰিবহণ বিভাগৰ দ্বাৰা বিশেষ বঁটা লাভ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত অষ্টাদশ আৰবান মবিলিটি ইণ্ডিয়া সন্মিলনত ৰাজ্যখনক কালি এই বঁটাৰে সন্মানিত কৰা হয়। মিজোৰামৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ সচিব লালমালচাট্টমা পাচোৱাই এই বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু গৃহ নিৰ্মাণ মন্ত্রী মনোহৰ লাল আৰু বিভাগটোৰ ৰাজ্য মন্ত্রী তোখন চাহু উপস্থিত থাকে। উল্লেখযোগ্য যে প্রতিবছৰে মন্ত্র্যালয়ে আয়োজন কৰা এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ মহানগৰসমূহত উদ্ভাৱনমূলক, বহনক্ষম আৰু সুশৃংখল পৰিবহণৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়। এই বঁটা লাভৰ বাবে মিজোৰামৰ মহানগৰ পৰিকল্পনা বিভাগে বিশেষ নির্বাচনী সমিতিৰ সন্মুখত ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাক উপস্থাপন কৰিছিল। যোৱা ১৬ অক্টোবৰত বিভাগটোৱে ভিডিঅ‘ আৰু পাৱাৰপইণ্টৰ মাধ্যমেৰে এই ব্যৱস্থা উপস্থাপন কৰিছিল। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ পৰিবহণৰ নীতি-নির্দেশনা আৰু জনসাধাৰণৰ পথত চলাচলৰ ক্ষেত্ৰত সু-অভ্যাসসমূহ দাঙি ধৰা হৈছিল। মিজোৰাম চৰকাৰে এই সন্মান ৰাজ্যখনৰ জনসাধাৰণৰ বাবে উৎসর্গী কৰিছে। উল্লেখযোগ্য যে পৰিবহণ আৰু যানবাহন চলাচলৰ ক্ষেত্ৰত দেখুওৱা শৃংখলৰ বাবে মিজোৰাম দেশৰ ভিতৰতে প্রশংসৃত হৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী চহৰ আইজলক দেশৰ হৰ্ণশূন্য আৰু নীৰৰ মহানগৰ বুলিও প্রশংসা কৰা হয়।
Site Admin | November 12, 2025 12:36 PM | Mizoram
যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে মিজোৰামলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটা