মিজোৰামৰ লুংলেই চহৰত চলি থকা ‘Book Nest Initiative’ ৰ অধীনত এতিয়ালৈকে ছহেজাৰৰো অধিক গ্ৰন্থ সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ লুংলেইৰ উপায়ুক্তই শুভাৰম্ভ কৰা এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ অংশগ্রহণেৰে বিভিন্ন গ্ৰন্থ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। যোৱা ৮ ছেপ্তেম্বৰত এই অভিযান মুকলি কৰা হৈছে। ইয়াৰ অধীনত ঘৰে ঘৰে গৈ বিভিন্ন স্তৰৰ পাঠ্যক্ৰমৰ লগতে উপন্যাস আৰু অধ্যয়নৰ অন্যান্য সামগ্ৰী সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। গ্ৰন্থ সংগ্ৰহৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছত সেইসমূহ নির্বাচিত ৬০ খন চৰকাৰী বিদ্যালয়লৈ প্ৰদান কৰা হ‘ব।
Site Admin | September 26, 2025 1:32 PM
মিজোৰামৰ ‘Book Nest Initiative’ ৰ অধীনত এতিয়ালৈকে ৬০০০ৰো অধিক গ্ৰন্থ সংগ্ৰহ