মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূর্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে সর্বাত্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সৱলীকৰণৰ বাবে গ্রহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰীপৰ অধীনত ৰাজ্যখনত ৩ হাজাৰ ২৬ গৰাকী নিৰক্ষৰ লোক চিনাক্ত কৰা হৈছিল আৰু ইয়াৰ ভিতৰত এহেজাৰ ৬৯২ গৰাকী সম্ভাৱনাপূৰ্ণ শিকাক আছিল। সামুহিক প্রচেষ্টা, ২৯২ গৰাকী স্বেচ্ছাসেৱক শিক্ষক, সমল ব্যক্তি, ক্লাষ্টাৰ ৰিচ’ৰ্ছ চেণ্টাৰ ক’অডিনেটৰ আৰু অন্যান্যসকলৰ প্ৰচেষ্টাত ৰাজ্যখনৰ জনসাধাৰণক সম্পূৰ্ণৰূপে সাক্ষৰ কৰি তোলাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। ২০১১ চনৰ পিয়ল অনুসৰি ৰাজ্যখনত ৯১ দশমিক ৩ ৩ শতাংশ লোকৰ সাক্ষৰতাৰে ৰাজ্যখন দেশৰ ভিতৰত তৃতীয় সাক্ষৰ ৰাজ্য আছিল।
Site Admin | May 21, 2025 12:21 PM | Mizoram
মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত
