ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2025 7:02 PM | Mizoram

printer

মিজোৰামত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ

মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত কালি সন্ধিয়া ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ হৈছে। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰাৰ সৈতে সংগতি ৰাখি এই জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে দেশপ্ৰেমৰ অনুভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। যুৱ প্ৰজন্ম আৰু জনসাধাৰণৰ মাজত মহোৎসৱৰ আয়োজন কৰা হৈছে।

অনুষ্ঠানত মিজো জনগোষ্ঠীৰ কেইবাগৰাকীও শিল্পী অংশ লৈছে। তদুপৰি নাগালেণ্ড আৰু মণিপুৰৰ কেইবাগৰাকী খ্যাতিমান শিল্পীয়ে এই মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিছে। উল্লেখযোগ্য যে মিজোৰামৰ মুখ্য সচিব খিল্পী ৰাম মীনাই কালি মহোৎসৱৰ শুভাৰম্ভণি কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়ৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাষণত ৰাজ্যখনৰ মুখ্য সচিব খিল্পী ৰাম মীনাই মিজো সম্প্ৰদায়ৰ সজীৱ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জনায়। তেওঁ কয়, যে এই মহোৎসৱত জনজাতীয় যুৱক-যুৱতীসকলক শিপাৰ সৈতে সংপৃক্ত কৰা বিষয়বস্তুৰ জৰিয়তে সাংস্কৃতিক সজাগতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে আৰু ই সমাজৰ বাবে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। এই উৎসৱে মিজোৰামৰ সাংস্কৃতিক পৰিচয়ক উজলোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে আৰু থলুৱা শিল্পীসকলক পৰম্পৰাগত শিল্পসমূহ প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। মহোৎসৱত পৰম্পৰাগত নৃত্য আৰু সংগীত প্ৰদৰ্শন, খাদ্য বিপণী আৰু বিভিন্ন শিল্পকৰ্মৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক