ডাউনলোড
মোবাইল এপ

android apple
signal

March 5, 2025 12:11 PM | Missing bihu

printer

আজি মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু উদযাপন

মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰাছিগা বিহু আজি জনগোষ্ঠীটো বসতিপ্রধান বিভিন্ন অঞ্চলত উদযাপন কৰা হব। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত আজিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা- গাভৰুসকলৰ নেতৃত্বত আয়োজন কৰা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জীয়ৰী আৰু জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। সকলোকে সুস্বাদু খাদ্যৰে আপ্যায়ন কৰি ডেকা-গাভৰুসকলে নৃত্য গীতো পৰিৱেশন কৰে। গাঁওখনৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত বিশ্বাসেৰে এই পঃৰাগ উৎসৱ বা নৰা ছিগা বিহু পালন কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।