ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:35 PM | Dhamaji

printer

ধেমাজি জিলাৰ গোগামুখত মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ

ধেমাজি জিলাৰ গোগামুখত কালি মিচিং ক্রীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ আৰম্ভ হয়। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰামাঞ্চলৰ প্ৰতিভাবান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰতো এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যেৰে আয়োজিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ ১৭ খন জিলাৰ ৩ হাজাৰ নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন ইভেন্টত অংশ লব। ক্রীড়া মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত কালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তিনিটা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে গেমছ ভিলেজৰ আদৰণি তোৰণ মুকলি কৰে। শুভাৰম্ভণি অনুষ্ঠানত মন্ত্রী বিমল বৰা, লোকসভাৰ সাংসদ প্রদান বৰুৱা, বিধায়ক মানৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহোৎসৱত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অম্লান বৰগোহাঁই আৰু কণজুন পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকে। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্রতিযোগিতাখন গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল-পথাৰত অনুষ্ঠিত হব। মিচিং জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱৰ পৰহিলৈ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।