ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

● মীন মন্ত্ৰী কেশৱ মহন্তই কালি ৰহাৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰৰ মীন বিভাগ তথা নাবাৰ্ডৰ সহযোগত মীন মহাবিদ্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যত মীন পালনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি কৃষকসকলৰ মাজত কেইবাবিধো মাছৰ পোনা বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে গ্রামীণ অর্থনীতিৰ বিকাশত মীন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যক মীন পালনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।