October 29, 2024 12:13 PM | merapani supari seized

printer

গোলাঘাটৰ মেৰাপানীত ১৭ বস্তা চুপাৰসহ এখন ট্রাক জব্দ

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীয়ে নিশা ১৭ বস্তা চুপাৰিসহ এখন ট্রাক জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি মেৰাপানীৰ তৰাণি অঞ্চলত অভিযান চলাই আৰক্ষীয়ে নাগালেণ্ডৰ পৰা যোৰহাটৰ দিশে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা এ এছ ০১-এম চি ৭০৯৬ পঞ্জীয়ন নম্বৰৰ ট্রাকখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ট্রাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।