গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সফলতাৰে দুজন লোকৰ দেহত বৃদ্ধ সংৰোপণ কৰাৰ পাছত চিকিৎসালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত শেহতীয়াকৈ অংগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। দাক্ষিণাত্যত ব্ৰেইন ডেথ হোৱা লোকৰ অংগ দান কৰাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা সজাগতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৰাজ্যত সজাগতাৰ অভাৱৰ বাবে অংগদানৰ সংখ্যা সীমিত। অৱশ্যে শেহতীয়াকৈ পৰাগজ্যোতি গগৈ নামৰ লোকজনৰ বৃক্কৰে দুজনকৈ লোকক নতুন জীৱন দিব পৰা গ’ল বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ব্ৰেইন ডেথ হোৱা লোকৰ অংগদান কৰিব বিচাৰিলে লোকজনৰ পৰিয়ালক জি এম চি এইচ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জি এম চি এইচত আই ভি এফ কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰত বৰ্তমানলৈ ৩৬ গৰাকী মহিলাক আই ভি এফ চিকিৎসা প্ৰদান কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।