মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কাইলৈ মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভ কৰা হ’ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা হ’ব বুলি জিলাখনৰ উপায়ুক্ত দেৱাশীষ শর্মাই জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ যাদু শীৰ্ষক এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। মহোৎসৱৰ যোগেদি অন্ধবিশ্বাসৰ সলনি মায়ঙৰ ঐতিহ্য বহন কৰা যাদুৰ ইতিহাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণমুখী পৰ্যটনৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হৈছে। প্ৰস্তুতি বৰ্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰা হ’ব যদিও পৰৱৰ্তী বৰ্ষসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এই উৎসৱ উদযাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ অন্যান্য পর্যটন ক্ষেত্ৰসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত মৰ্যাদাপূর্ণ স্থান দিয়াৰ উপৰি জিলাখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। যাদুবিদ্যা কেন্দ্ৰ কৰি মায়ঙত উদযাপন কৰিবলৈ লোৱা এই উৎসৱ দেশৰ ভিতৰতে প্ৰথম যাদুকেন্দ্ৰিক পৰ্যটন উৎসৱ হিচাপে পৰিগণিত হৈছে।
Site Admin | August 17, 2024 6:56 PM | Mayang magic
মায়ংত কাইলৈ পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ
