ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 27, 2025 6:30 PM | Marigoan

printer

মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয় হিচাপে ঘোষণা

বিশ্ববিদ্যালয় অনুদান আয়োগে মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয়  হিচাপে ঘোষণা কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব মনোজ কুমাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে। কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ ১৯ টা বিষয়ৰ উপৰি কেইবাটাও বিষয় স্নাতকোত্তৰ পাঠ্যক্ৰম থকা মৰিগাওঁ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰাক লৈ জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে।