ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 22, 2025 12:58 PM | Marigoan

printer

মৰিগাওঁত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ কাৰ্যালয় প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক কৰ্কট ৰোগৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰা এই অধিবেশন আজি মন্ত্ৰী কৌশিক ৰায়ে উদ্বোধন কৰে। কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শর্মাই উদ্বোধনী ভাষণত কৰ্কট ৰোগৰ চিকিৎ‍সা আৰু এই সম্পৰ্কত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংগঠনটোৱে কৰি অহা বিভিন্ন কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে।