ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্ৰীনগৰ প’ল’ গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দাভিয়াৰ

● কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মান্দাভিয়াই কালি শ্ৰীনগৰ প’ল’ গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতেই শ্রীমান্দাভিয়াই চিনথেটিক টার্ফ পৰিদৰ্শন কৰি ১৭ বছৰ অনুৰ্ধৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলৰ লগতে জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদ, ফুটবল, স্কুল আৰু একাডেমীৰ প্ৰশিক্ষাৰ্থীসকল, ডাউন টাউন হিৰোছ ফুটবল ক্লাৱৰ ল’ৰা আৰু ছোৱালীৰ দল কেইটা তথা বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফুটবল জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সৰ্ব ভাৰতীয় ফুটবল মহাসংঘৰ জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ ডি ব্লু কাবছৰ পদক্ষেপক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বাটগামৰ খেলো ইণ্ডিয়া কেন্দ্র চাইক্লিঙৰ সদস্যসকলে অংশগ্ৰহণ কৰা এটা চাইকেল শোভাযাত্ৰাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে আন্তঃক্রীড়া প্ৰকল্প পৰিদৰ্শন কৰে। শ্ৰীমান্দাভিয়াই মাই য়ুথ মাই প্রাইড শীর্ষক গ্রীষ্মকালীন ক্রীড়াকলাপৰো শুভাৰম্ভ কৰাৰ লগতে বিভিন্ন খেলো ইণ্ডিয়া কেন্দ্ৰত ক্রীড়া সামগ্ৰী বিতৰণ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভকামনা জ্ঞাপন কৰি শ্ৰীমান্দাভিয়াই বিভিন্ন খেলত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণৰ লগতে জম্মু-কাশ্মীৰ প্ৰশাসন, ক্রীড়া বিভাগ আৰু জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদক ভূয়সী প্ৰশংসা কৰে।