কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি)-এ ইয়াৰ কাৰ্যকৰী বীমা সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নীতকৰণ, আৰু সেৱা প্ৰদানৰ উন্নতিৰ উদ্দেশ্যে কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ সময়ত নিগমে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সংশোধিত আনুমানিক বাজেটত অনুমোদন জনায়। ইয়াৰ উপৰিও অসমৰ ই এছ আই চি ঔষধৰ দোকানৰ লগতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ২০০খন বিচনাযুক্ত ই এছ আই চি চিকিৎসালয়ৰ বাবে ১৫ একৰ মাটিকে ধৰি বিভিন্ন ৰাজ্যত বিভিন্ন সুবিধাৰ বাবে ভূমি অধিগ্ৰহণৰ অনুমোদন প্রদান কৰা হৈছে।
Site Admin | December 12, 2025 12:26 PM | mansukh manadviya
ই এছ আই চিৰ ১৯৭ সংখ্যক বৈঠকত কেইবাটাও উল্লেখযোগ্য প্রস্তাৱত অনুমোদন