ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে বিটিচিৰ পৰ্যটন বিভাগে গাওঁখনক পর্যটন বিভাগৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰে। বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধর্ম নাৰায়ণ দাসে আনুষ্ঠানিকভাৱে গোলাগাওঁক আদর্শ গাওঁ হিচাপে ঘোষণা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষদ জয় মুছাহাৰীৰ লগতে পৰ্যটন বিভাগৰ কেইবাগৰাকী বিষয়ববীয়াইও অংশগ্ৰহণ কৰে। আজিৰ দিনটোতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত ছদিনীয়া কাৰ্যসূচীৰে মানস মহোৎসৱ আৰম্ভ হয়। ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পর্যটকসকলক উদ্যানখনৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককৃষ্টি তথা খাদ্য সম্ভাৰৰ সৈতে চিনাকী কৰি দিবৰ বাবে মানস মহোৎসৱৰ আয়োজন কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৮০ শতাংশ লোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ সৈতে জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনক অধিক জনমুখী কৰি তোলাৰ প্ৰয়াসেৰে মানস মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে আমাৰ সংবাদদাতাক জনাইছে।
Site Admin | January 25, 2025 8:01 PM | Mansh national park
মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন