দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাচৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা বুজন পৰিমাণৰ মাদকদ্রব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা ৫০ হাজাৰটা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবীয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয়, যে জব্দ কৰা মাদক দ্রব্যখিনিৰ মূল্য ১০ কোটি টকাৰো অধিক হ’ব। এই নিচাজাতীয় টেবলেটখিনি মানকাচৰৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা ছমাহত জিলাখনৰ কমেও ৪৫টা স্থানত আৰক্ষীয়ে মাদক দ্রব্য জব্দ কৰিছে।
ইপিনে, জাগীৰোড ৰে’ল ষ্টেচনৰ সমীপৰ পৰা আজি বৃহৎ পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে এগৰাকী মহিলাক আটক কৰা হয়। মণিপুৰৰ ২৫ বছৰীয়া মহিলাগৰাকীয়ে ৯টা চাবোনৰ বাকচত হেৰ’ইন ভৰাই আনিছিল। জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্রায় ৫ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মণিপুৰৰ পৰা নৈশ বাছেৰে আহি জাগীৰোডত উপস্থিত হোৱা মহিলাগৰাকীৰ গতিবিধিত সন্দেহ ওপজাত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তালাচী চলাই মাদকদ্রব্যসমূহ জব্দ কৰে। উল্লেখযোগ্য যে এই সৰবৰাহ কাৰ্যত এটা বৃহৎ চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে মণিপুৰৰ মহিলাগৰাকীক সোধা- পোছা কৰি আছে।