ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ কথা নিশ্চিত কৰি সংসদত সাংবিধানিক প্রস্তাৱ গ্ৰহণ

সংসদে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ কথা নিশ্চিত কৰি এটা সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। ৰাজ্যসভাই যোৱানিশা এই প্ৰস্তাৱটোত অনুমোদন জনায়। এই প্ৰস্তাৱটো যোৱা ১৩ ফেব্ৰুৱাৰীত সংবিধানৰ ৩৫৬ অনুচ্ছেদ ১ নম্বৰ দফাৰ অধীণত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎকৰণৰ সৈতে জড়িত। লোকসভাত এই প্ৰস্তাৱ ইতিমধ্যে গৃহীত হৈছে।

সদনত এই প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে যোৱা নৱেম্বৰৰ পৰা মণিপুৰত কোনো ধৰণৰ হিংসা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা বুলি বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ তেওঁ খণ্ডন কৰে । তেওঁ লগতে কয়, যে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পাছত কোনো এটা দলে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰাৰ বাবে আগবাঢ়ি অহা নাছিল আৰু এনে পৰিস্থিতিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।