October 6, 2025 1:48 PM | Manipur IED

printer

মণিপুৰৰ জিৰিবাম জিলাত দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় সুৰক্ষা বাহিনীৰ

মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই কয়, যে ৰাজ্যখনৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত এই আই ই ডি উদ্ধাৰ তথা নিষ্ক্ৰিয় কৰাটো বিশেষভাৱে গুৰুত্বপূর্ণ। উল্লেখযোগ্য যে আছাম ৰাইফলছৰ এটা দলে যোৱা নিশা জিৰিবামৰ মাখাবস্তি এলেকাত অভিযান চলাই ১২ কিলোগ্ৰামকৈ ওজনৰ দুটা আই ই ডি, ৫০০ কিলোগ্রাম ওজনৰ তিনিটা বৈদুত্যিক শক্তিৰ উৎস আৰু ১২ মিটাৰ দৈৰ্ঘ্যৰ কৰ্ডেক্স জব্দ কৰে। ৰাজ্যখনত যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি শাসন চলি থকাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহে এই খণ্ডৰ শান্তি যাতে বিঘ্নিত নহয় তাৰ বাবে সদায় সতৰ্ক হৈ আহিছে।