উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ গুৰুত্ব আৰোপ

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিৰ ওপৰত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৰুত্ব আৰোপ কৰিছে। কালি মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰসাৰ সন্দৰ্ভত দ্বিতীয় উচ্চস্তৰীয় কৰ্মবাহিনীৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই বৈঠকত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদ্‌চে, মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ মুখ্য সচিবৰ উপৰি উত্তৰ-পূব পৰিষদৰ বিষয়াসকলেও ভার্চুৱেল ব্যৱস্থাৰে অংশ লয়। এই বৈঠকত ক্ৰীড়াৰ আন্তঃগাঁথনিৰ উন্নয়ন, প্ৰতিভা চিনাক্তকৰণ, প্রতিযোগিতামূলক মনোভাৱ সৃষ্টিকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। কেন্দ্রীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই এই বৈঠকত দায়বদ্ধ প্রশিক্ষক নিয়োগ কৰি তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্রতিভা চিনাক্ত কৰাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।