December 17, 2025 12:26 PM | Manipur

printer

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ’ৰেঞ্জ ফেষ্টিভেল আয়োজন

মণিপুৰত আজিৰেপৰা তিনিদিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অ’ৰেঞ্জ ফেষ্টিভেল অর্থাৎ কমলা উৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বাধিক কমলা উৎপাদন হোৱা তামেংলং জিলাত এই উৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই জিলাখনত উৎপাদিত কমলাৰ অনন্য সোবাদ আৰু গুণাগুণৰ বাবে ভৌগোলিক সূচ্যাংক লাভকৰিছে। প্ৰতিবছৰে কমলাৰ উৎপাদকসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ বজাৰ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনত এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানত আটক ধুনীয়াকৈ কমলাৰ বিপণীসমূহ সজাই তোলা হৈছে। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত ক্রীড়া, আলোচনাচক্র আৰু অ’বেঞ্জ কুইন প্রতিযোগিতা অনুষ্ঠিত হ’ব। উদ্বোধনী কার্যসূচী হিচাপে আয়োজিত ১২ কিলোমিটাৰজোৰা দৌৰ প্রতিযোগিতাত কমেও ৪০০ লোকে অংশগ্রহণ কৰে। ১৯ ডিচেম্বৰত এই উৎসৱৰ সামৰণি পৰিব।