দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি মণিপুৰৰ ইম্ফলত থকা নুপি লাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্রদ্ধা তর্পণ কৰিব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল‘ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সন্ধিয়া ইম্ফলত এহেজাৰ ৩৮৭ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্য খণ্ড, শিক্ষা, পথ আৰু ঘাইপথ, জনজাতি উন্নয়ন, কৃষি, বিদ্যুৎ আৰু খোৱাপানী যোগান প্রকল্প অন্যতম। এই উপলক্ষে দিয়া ভাষণত শ্রীমতী মুর্মুৱে কয়, যে এই প্রকল্পসমূহে ৰাজ্যখনত অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে আন্তঃগাঁথনিৰ বিকাশ আৰু অর্থনৈতিক কাম-কাজসমূহক অধিক গতি প্রদান কৰিব। এই উপলক্ষে দিয়া ভাষণত শ্রীমতী মুর্মুৱে কয়, যে এই প্রকল্পসমূহে ৰাজ্যখনত অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে আন্তঃগাঁথনিৰ বিকাশ আৰু অর্থনৈতিক কাম-কাজসমূহক অধিক গতি প্ৰদান কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে ইম্ফলৰ চিটী কনভেন্সন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যর্থনা অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত ভাষণ দি শ্রীমতী মুর্মুৱে মণিপুৰৰ জনসাধাৰণে শেহতীয়াকৈ সম্মুখীন হোৱা সমস্যাৰ বাবে দুখ প্রকাশ কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক সর্বাধিক অগ্ৰাধিকাৰ দিছে আৰু ৰাজ্যখনলৈ শান্তি-শৃংখলা ঘূৰাই অনাৰ বাবে কাম কৰিছে।
ৰাষ্ট্ৰপতি মুর্মুৱে কালি সন্ধিয়া ইম্ফলৰ ৰাজভৱনত ৰাজ্যখনৰ গৃহচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে।