ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 8:06 PM | Manipur

printer

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ ব্যাপক তালাচী

অবৈধ অস্ত্র জমা কৰাসকলক দমনৰ বাবে মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ এটা দলে কালি মাজনিশাৰ পৰা আজি পুৱালৈকে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত ব্যাপক তালাচী অভিযান চলায়। মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে গোলাবাৰুদ, বিস্ফোৰক আদিৰে প্ৰায় ২০৩টা অবৈধ অস্ত্ৰ উদ্ধাৰ কৰে। প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে সকলো নিৰাপত্তা সংস্থাৰ সৈতে সহযোগিতা ৰক্ষা কৰি মণিপুৰৰ পাহাৰীয়া জিলাসমূহত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই আনি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।