মণিপুৰত ৪৪ গৰাকী বিধায়কে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে কালি ১০ গৰাকী বিধায়কে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰে আৰু ৰাজ্যখনত গণতান্ত্ৰিক চৰকাৰ গঠনৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। ৰাজভৱনৰ তৰফৰ পৰা জাৰি কৰা এটা প্ৰেছ বিবৃতিত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালৰ সৈতে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি আৰু ৰাজনৈতিক পৰিস্থিতি সম্পর্কে আলোচনা কৰা বুলি প্ৰকাশ কৰা হৈছে। পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শান্তি প্রক্রিয়া আৰম্ভ কৰা আৰু সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ বিষয়ও এই আলোচনাত স্থান পোৱা বুলি কোৱা হৈছে। প্রতিনিধি দলটোৱে লগতে এই বিষয়বোৰৰ সন্দৰ্ভত ৰাজ্যপালৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰে আৰু ৰাজ্যখনত গণতান্ত্ৰিক চৰকাৰ গঠনৰ প্ৰক্ৰিয়া খটকীয়া কৰিবলৈ ৰাজ্যপালগৰাকীক আহ্বান জনায়।
ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ বিধায়ক থ’কছম ৰাধেশ্যামে কয়, যে ভিন ভিন ৰাজনৈতিক দলৰ লগতে নির্দলীয় ৪৪ গৰাকী বিধায়কে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গই বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।