ডাউনলোড
মোবাইল এপ

android apple
signal

May 24, 2025 7:24 PM | Manipur

printer

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি পৰিছে। যোৱা ২০ মেত আৰম্ভ হোৱা এই উৎসৱৰ আজি শ্বিৰুয়ি গাঁৱৰ বক্সি গ্ৰাউণ্ডত সামৰণি পৰে। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থকা শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণিৰ দিনা আজি বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ উপৰি চিনেমা প্ৰদৰ্শন, ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেল আৰু অন্যান্য কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শ্বিৰুয়ি লিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল । দুগৰাকী ব্ৰিটিছ স্বামী-স্ত্রীয়ে তেওঁলোকৰ গৱেষণা চলাই থকা সময়ত এই দুষ্পাপ্য প্ৰজাতিৰ ফুলবিধ চিনাক্ত কৰিছিল। এই ফুলৰ প্ৰজাতি বিশ্বৰ ভিতৰত কেৱল মণিপুৰৰ উখল জিলাৰ শ্বিৰুয়ি পাৰ্বত্য অঞ্চলতহে পোৱা যায়। যোৱা ২০ মেত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই এই মহোৎসৱৰ শুভাৰম্ভ কৰি ইয়াৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ কথা উল্লেখ কৰিছিল। শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণ আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত এই উৎসৱ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক