ডাউনলোড
মোবাইল এপ

android apple
signal

May 13, 2025 12:24 PM | Manipur

printer

ভাৰত-পাকিস্তানৰ সংঘৰ্ষত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হব

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ নশ্বৰ দেহ আজি ইম্ফললৈ অনা হ’ব। সীমান্ত সুৰক্ষা বাহিনী তথা সামৰিক বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰিব। যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলী বৰ্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ ৮ জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। মণিপুৰৰ পূব ইম্ফল জিলা নিবাসী দীপক চিমনগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নম্বৰ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে ভাৰত-পাকিস্তানৰ এই সংঘৰ্ষত সেনা বাহিনীৰ ৫ জোৱান ছহিদ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।