ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2024 8:15 PM | Manipur

printer

মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি

চৰকাৰে যোৱানিশাৰেপৰা আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি কৰিছে। পামলৈ বুলি যোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰেপৰা অঞ্চলটোৰ পৰিস্থিতি বেয়াৰ পিনে ঢাল খাইছে। ইয়াৰ উপৰি একাংশ দুৰ্বৃত্তই যোৱানিশা দুটা ভিন ভিন সম্প্ৰদায়ৰ কেইটামান বাসগৃহ জ্বলাই দিয়ে। জিলা প্রশাসনে আজি পুৱাৰেপৰা অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে আৰু সুৰক্ষা বাহিনী আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক ধন-জনৰ ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে। সুৰক্ষা বাহিনীয়ে চহৰখনৰ হিংসাপ্রৱণ এলেকাৰ লোকসকলক সুৰক্ষিত স্থানলৈ আঁতৰাই নিছে।